এজনি ছোৱালীক ভালপোৱাৰ প্ৰস্তাৱ দিছিলো । কাৰন তাইক মোৰ ভাল লাগিছিল । প্ৰস্তাৱটো পাই তাই মোক এটা কথা শুধিছিল । হয়তো সকলো ছোৱালীয়েই সেই কথা শুধিলেহেতেন । কাৰন সেয়া ভূল নাছিল । তাই মোক শুধিছিল......
""" তুমি মদ খোৱানে """" ????
আচৰ্যজনক আছিল যদিও তাইৰ প্ৰশ্নত মই আচৰিত হোৱা নাছিলো । সেয়া যে তাইৰ অধিকাৰ আছিল । সেয়েহে একান্ত বাধ্যৰ দৰে মইও সচা কথাষাৰ তাইক কৈছিলো.....
"""" হয় মই মদ খাও । অসমীয়াত এষাৰ কথা আছে হাতি চোৰো চোৰ বেজি চোৰো চোৰ । এটা কথা ঠিক যে মই কোনো পাৰ্বনতহে খাও । কিন্তু মই মদাহী নহয় """" ।
মোৰ কথা শুনি তাই কৈছিল.....
"""" মই মদ খোৱা মানুহক ঘিণ কৰো """"
কথাষাৰ কৈ তাই আতৰি গৈছিল । মনত বহুত আঘাট লাগিছিল যদিও তাইৰ সৰলতাই মোৰ মন চুই গৈছিল । মনৰ নিভৃত কোনৰ পৰাই ভগৱানক প্ৰাৰ্থনা জনাইছিলো যাতে তাইৰ জীৱনতো তাই আশা কৰা মতেই সুখেৰে ভৰি পৰক । কিয়নো মই তাইক সচাই ভাল পাইছিলো । সেয়ে তাইৰ দুখ মই কেতিয়াও বিছৰা নাছিলো ।
সূদীৰ্ঘ তিনিটা বছৰৰ পাছত তাইক মই লগ পালো । তাইৰ বিয়া হল । তাইৰ স্বামী চৰকাৰী চাকৰিয়াল । মোক দেখা পাই মোৰ ওচৰ চাপি আহি চলচলিয়া চকুৰে মোক কলে.......
"""" মোক ক্ষমা কৰিবা অ,, নিজৰ অহংকাৰ আৰু সচা ভালপোৱাক প্ৰত্যাক্ষান কৰাৰ ফল মই আজি ভোগ কৰিছো । যি মদৰ বাবে তোমাৰ ভালপোৱাক মই প্ৰত্যাখান কৰিলো,, সেয়াই এতিয়া মোৰ দৈনন্দিন জীৱনৰ এটা অংগ হৈ পৰিল......"""
আৰু একো কব নোৱাৰিলে তাই । মাথো হুকহুকাই কান্দি গল । তাইৰ চকুলোৱে মোক দি গল সহস্ৰ বেদনা । কেনেদৰে সহো বাৰু তাইৰ দুখ ?? তাই যে মোৰ ভালপোৱা আছিল । তায়েই শিকাই গল মোক ভাল হবলৈ । তাইৰ সেই এষাৰ কথাৰ বাবেই ত্যাগ কৰিছিলো মই মদ । বিছাৰিছিলো ভাল হোৱাৰ পথ । কিন্তু যি মোৰ প্ৰেৰনা আছিল তাই যে দুখৰ অপাৰ সাগৰত ককবকাই আছে ।
এয়াই নেকি জীৱন ???
টোপনি টোপনি মানুহৰ জীৱনৰ এক গুৰুত্ব পূৰ্ণ দৈনন্দিন কাৰ্য্য । আপোনাৰ দিনটো সুন্দৰ হবলৈ হলে ই সম্পূৰ্ণ হবই লাগিব । টোপনি নহাটো কিন্তু প্ৰতি জন ব্যক্তিৰ বাবে এক যন্ত্ৰণা ...
Comments
Post a Comment