#deletefacebook
আপোনালোক সকলো জ্ঞাত যে 2015 চনত হোৱা ফেচবুকৰ এক ডাটা কেলেংকাৰীৰ বাবে বৰ্তমান Delete ফেচবুক কেম্পইন চলি আছে। ফেচবুকৰ অধীনত থকা WhatsApp ৰ CEO ও যোৱাকালি Tweet কৰি Delete ফেচবুক Campaign ক support কৰিছে।
আচলতে কি হৈছিল জানিব মন গৈ আছিল বাবে খুচৰি চাই যি পালোঁ আপোনালোকৰ মাজত share কৰিলো।
Alexender নামৰ এটা App Developer কোম্পানীয়ে ফেচবুক App (3rd পাৰ্টি App) তৈয়াৰ কৰিছিল। আৰু তাতে ফেচবুকৰ User ৰ ডাটা লোৱাৰ যি Permission আছিল সেয়া টকাৰ লোভতে হওক বা ignorant স্বভাৱৰ বাবেই হওক খেলিমেলি হৈছিল। আৰু ইয়াৰ ফলত 50 কোটি user ৰ ডাটা এই App টোৱে চুৰি কৰি নিবলৈ সক্ষম হৈছিল। এই কথা যেতিয়া ফেচবুকৰ উৰ্দ্ধতম কৰ্তৃপক্ষই গম পালে App টো delete কৰি দিছিল আৰু গাঁপ দিবলৈ চেষ্টা কৰিছিল। কিন্তু সত্য কেতিয়াও লুকাই নাথাকে। 2018 চনত কিছু দিনৰ আগতে এই কেলেংকাৰীৰ বিষয়ে ৰাষ্ট্ৰ হ্য় আৰু বহু হুলস্থুল ৰ সৃষ্টি হয়।
ফেচবুকৰ Business Model হল Target Based Advertising অৰ্থাৎ আপোনাৰ পছন্দ, অপচন্দ, আপোনাৰ Financial অৱস্থা, মানসিক অৱস্থাৰ বিষয়ে অধ্যয়ন কৰি আপোনাক প্ৰয়োজন হব পৰা সামগ্ৰী বা সেৱাৰ সম্পৰ্কে বিভিন্ন কোম্পানীক আপোনাৰ ডাটা বিক্ৰী কৰা। ইয়াৰ ফলত আপোনাৰ অৱচেতন মনটোক বশ কৰি আপোনাক বিভিন্ন সামগ্ৰী বা সেৱা কৰি বিভিন্ন কোম্পানীয়ে লাখ লাখ টকা আহৰণ কৰে।
উদাহৰণস্বৰূপে আপুনি যদি মন কৰে Flipkart ত গৈ কোনোদিন আপুনি নিকিনা বা নিবিচাৰা এটা সামগ্ৰীৰ বিষয়ে ছাৰ্চ কৰে আৰু তাৰ কিছু সময়ৰ পিছত আপুনি ফেচবুক খুলি চাই আপুনি দেখা পাব যে সেই নিৰ্দিষ্ট বস্তুটোৰ Advertise ফেচবুকৰ পৃষ্ঠাত ভৰি আছে।
ইয়াৰ পৰা আমাৰ প্ৰত্যক্ষ ভাবে কোনো ধৰণৰ বিপদ নহয় যদিও আপোনাৰ Privacy নামৰ একো নথকা হৈ পৰিছে। আপোনাৰ ডাটা বিক্ৰী কৰি ফেচবুকে আপোনাৰ পৰা টকা ঘটি আছে। আপোনাৰ মোবাইলত কাৰ কাৰ number আছে, কি কি এপ্লিকেচন আপুনি ব্যৱহাৰ কৰে , কাৰ লগত কিমান কথা পাতে এই সকলো তথ্য ফেচবুকৰ Server ত সময়ে সময়ে Upload হৈ থাকে। আৰু এই ডাটা আপুনি ইচ্ছা কৰিলে চাবও পাৰে। ইয়াৰ ফলত আপোনাৰ Privacy ক লৈ খেলা কৰা হয়। আৰু এই কাৰণেই বর্তমান Delete ফেচবুক campaign চলি আছে।
আপুনি যদি আপোনাৰ কি কি ডাটা ফেচবুকৰ Serverত Upload কৰা হল চাব বিচাৰে তলৰ লিংকটো ক্লিক কৰক।
কম্পিউটাৰৰ পৰা যিকোনো browser এটা ব্যৱহাৰ কৰি তলৰ লিংক ক্লিক কৰক।
https://www.facebook.com/settings
আৰু ইয়াৰ পিছত Download অ Copy অফ Your Data ত ক্লিক কৰক।
Post copied from Koustav Mahanta (Facebook)
Comments
Post a Comment