"বিহু- মুছলমানৰ বাবে উদযাপন কৰা উচিত নে" বুলি ফেচবুকত প্ৰপাগাণ্ডামূলক পোষ্ট কিছুমান দেখিছোঁ৷ আমাৰ উত্তৰ:-
মুছলমানে প্ৰথম প্ৰশ্ন কৰিব লাগিব- মক্কা মদিনাত কুলি-কেতেকী আছে নে? কপৌ ফুলেনে? পেপা, গগণা আছে নে? ধান খেতি হয় নে? বিশাল-বিস্তৃত খেতি পথাৰ আছেনে? আহু খেতি- শালি খেতি হয় নে? মক্কা-মদিনাৰ মানুহে বোকা পানী দেখিছে নে কেতিয়াবা? আৰব কৃষি প্ৰধান জাতি হয় নে? অসমৰ দৰে নৈ-নিজৰা, খাল-বিল পশু-পক্ষী, তৰু-তৃণ, বিবিধ শাক-পাছলি আছে নে তাত?
হাদিছগ্ৰন্থৰ ৰেফাৰেঞ্চ দি আলোচিত উক্ত পোষ্টবোৰতে উল্লেখ কৰা হয় যে সেয়া মক্কা বা মদিনাৰ কথা৷ আৰব দেশৰ কথা৷ তেনেস্থলত আৰবৰ পৰম্পৰা- সংস্কৃতি অসমত খটুৱাবলৈ অহাটো অজ্ঞানতাৰ পৰিচায়ক নহয় জানো? তেওঁলোকে জানে নে যে, মক্কাবাসী আৰু মদিনাবাসীৰ মাজতে স্থানীয় ৰীতি-নীতি - পৰম্পৰাৰ ভিন্নিতা কিমান?
কোৰান, যাক আল্লাহৰ একমাত্ৰ গ্ৰন্থ বুলি কোৱা হয়, তাত সংগীত শুনিবলৈ মানা আছে বুলি এটা আয়াতো উদাহৰণ হিচাপে স্পষ্টকৈ উল্লেখ কৰিব পাৰিব নে এওঁলোকে? নোৱাৰে৷ দম নাই৷ ইছলামৰ এগৰাকী প্ৰধান পয়গম্বৰ ডাউড নবীৰ প্ৰধান 'অস্ত্ৰ' বিধেই আছিল সংগীত, জানেনে এওঁলোকে? তৌৰাত, জাবুৰ, ইঞ্জিল, ফুৰকান- ইছলামত এই কেইখনক ঐশী গ্ৰন্থ বুলি কোৱা হয়৷ ইয়াৰ আৰবিক শব্দ 'জাবুৰ'ৰ অৰ্থই হৈছে সংগীত৷ পয়গম্বৰ ডাউড নিজেই আছিল এজন গায়ক৷ এই ডাউড নবী আন কোনো নহয়, "ডেবিড আৰু গোলিয়াথ"ৰ ডেবিড জনেই আৰবিকত ডাউড৷ কোৰানত ডাউড নবীৰ কথা উল্লেখ আছে৷
সংগীত, নৃত্য আদিৰ বিৰোধিতা কৰি হাদিছৰ উল্লেখ কৰা জোনাবহঁতে নিজৰ মোবাইলত কেনেকুৱা ধৰণৰ নো অডিঅ' বা ভিডিঅ' ৰাখে জানিবলৈ মন যায়৷ ফোন আহিলে যে ৰিংটনটো বাজে সেয়া সংগীত নহয় কি হয়?
সকলোৰে বিবিধতাক সন্মান কৰা আৰু আকোৱালি লোৱা ইছলামৰ যি অন্তৰ্নীহিত বাৰ্তা কোৰানত আছে, তাক ঢাকি ৰাখি এটা মহলে চৌদি আৰৱৰ গোড়া ইছলামিক পন্থা (ৱাহাবী ইছলাম) গোটেই বিশ্বত বিয়পোৱাৰ এক দীঘলীয়া কূটনৈতিক-ৰাজনৈতিক প্ৰচেষ্টা চলাই অহা হৈছে৷
নিজৰ বিবেকত তলা-চাবি মৰা অধিকাংশ মুছলমানে কোৰানখনক সমূলি পাহৰি মোল্লা, হাদীছৰ নামত কানে শুনা যা-তা কথা, ফুথপাথৰ বেহস্তী পুস্তিকা আদিত অধিক গুৰুত্ব দিয়া বাবে মুছলমান জাতি ঢাপে ঢাপে তললৈ গৈ আছে৷
সমগ্ৰ বিশ্বৰ বিজ্ঞানী আজি নতুন নতুন চিন্তা, নতুন নতুন বস্তু আৱিষ্কাৰত-উদ্ভাৱনত ব্যস্ত৷ আনহাতে একাংশ ইছলামিক পণ্ডিতৰ লেবৰটৰীত তেওঁলোক ব্যস্ত কাৰ পত্নীক কিমান তালাকৰ ফতোৱা দিলে ঠিক হ'ব তাৰ গৱেষণাত৷
ক'ত গ'ল ইছলামৰ সেই বিজ্ঞান, শিল্প, সাহিত্য, দৰ্শনৰ জয়জয়-ময়ময় যুগ, যাক বিশ্বৰ ইতিহাসত ইছলামৰ স্বৰ্ণীল যুগ বুলি কোৱা হয়?
মুছলমানে চিন্তা কৰা বাদ দি, মগজ খটাবলৈ বাদ দি, সহিষ্ণুতা-উদাৰতাক বাদ দি; ধৰ্মান্ধতা, মোল্লাতন্ত্ৰ আৰু পৰজনমক অতিমাত্ৰা গুৰুত্ব দিলে মুছলমান জাতি আৰু পতনলৈ যোৱাটো নিশ্চিত৷
ইছলামৰো পূৰ্বৰ ইহুদী জাতি যুগে যুগে অবৰ্ণনীয় নিৰ্যাতনৰ পিছতো সামগ্ৰিকভাৱে সকলো দিশত আজি অতি আগবঢ়া কিয়, অনবৰতে আমেৰিকাৰ ষড়যন্ত্ৰৰ ভুত দেখা মুছলমানসকলে নিজকে সেয়াও প্ৰশ্ন কৰাৰ প্ৰয়োজন৷
বিহু অসমীয়া জাতিৰ প্ৰাণ৷ যি মহামুৰ্খই নিজক অসমীয়া পৰিচয় দিয়াতকৈ, (গোড়া) মুছলিম পৰিচয় দিবলৈ আগ্ৰহী, তেওঁলোকে অসমখনত আমাক সকলোৰে সৈতে মিলি-জুলি থাকিবলৈ এৰি দি নিজে অনতি পলমে জান্নাতলৈ (স্বৰ্গলৈ) যোৱাৰ ব্যৱস্থা কৰাই ভাল৷
এওঁলোকে ব্ৰহ্মপুত্ৰৰ পাৰত জন্ম লৈ ভুল কৰিছে৷ পাকিস্তান বা চৌদি আৰবত জন্ম ল'ব লাগিছিল৷
দেশত এফালে গো-মূত্ৰৰে বন্ধ মগজ, আনফালে গো-মাংসৰে জাম লগা মগজ! মাজত মৰিছে ৰাইজ৷ ০০০
Comments
Post a Comment